নিউজ ডেস্কঃ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আজিৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে আলোকচিত্ৰ প্ৰদৰ্শনী। চেন্ট্ৰেল ব্যুৰ অৱ কমিউনিকেশ্যন চমুকৈ চিবিচিয়ে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কাৰাগাৰৰ মুখ্য কাৰ্যালয়ৰ ডিআইজি দিলীপ ডেকাই।
উল্লেখ্য যে, চিবিচিৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে কাৰাগাৰ চৌহদত এক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। উক্ত প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অখ্যাত নায়কসকলৰ ফটো প্ৰদৰ্শন কৰা হ’ব।
এই প্ৰদৰ্শনীৰে অংশ হিচাপে কাৰাবন্দীসকলৰ মাজত এক অংকন আৰু সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। লগতে অনুষ্ঠিত হ’ব গুৱাহাটীৰ চিবিচিৰ বিভাগীয় শিল্পী আৰু ব্যক্তিগত পঞ্জীভুক্ত দলসমূহৰ সাংস্কৃতিক প্ৰদৰ্শন।