গুৱাহাটী: ৰাজ্যৰ পৰা নাইকিয়া হ’ব লাগিব মাটিৰ দালালৰাজ । এনে দালালি চলি থাকিলে এখন ৰাজ্য আগবাঢ়িব নোৱাৰিব । সেয়েহে দালালবোৰক মাতি আনি গামোচা পিন্ধাই বিদায় দিব লাগিব অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু চক্ৰ বিষয়াসকলে । এই মন্তব্য শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজহ চক্ৰ বিষয়াসকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।
দুদিনীয়া বৈঠকত চক্ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ শেষ সকীয়নি। ‘মই ব্যৱস্থা ল’বলগীয়া হ’লে কথা বেয়া হ’ব। তাৰ আগতেই এই সমস্যাবোৰ সমাধান কৰি ৰাইজক ন্যায় দিয়ক । ‘
আগতে চাকৰি পাবলৈ ধন দিব লাগিছিল এতিয়া বিনাপইচাৰে চাকৰি পাইছে গতিকে এই দালালবোৰৰ সংগ এৰক নহলে বিপদত পৰিব ।
ৰাজহ চক্ৰ বিষয়াসকলক মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। কামৰূপ গ্ৰাম্যত পৰি আছে ৬৭০ টা ফাইল। কামৰূপ মহানগৰত পৰি আছে প্ৰায় ৬০০০ ফাইল।
কামৰ বিনিময়ত কোনো লোকে ধন ল’ব নোৱাৰিব বুলি সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ। সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ পৰামৰ্শ।
পৰি থকা ফাইলসমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। দালালিৰাজ বন্ধ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
লগতে পঢ়ক কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ