ভাৰতৰ চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ সহযোগত লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনৰ বিএন যুগন্ধাৰ চেণ্টাৰ ফৰ ৰুৰেল ষ্টাডিজ (বিএনৱাইচিআৰএছ)ৰ উদ্যোগত ৩ আৰু ৪ মে’ত গুৱাহাটীত এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। “অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ ষষ্ঠ অনুসূচীভূক্ত এলেকাত প্ৰথাগত আৰু খিলঞ্জীয়া আইনৰ ওপৰত নীতি সংস্কাৰ আৰু আঞ্চলিক পদক্ষেপৰ মৰ্যাদা আৰু প্ৰভাৱ” শীৰ্ষক কৰ্মশালাখন খানাপাৰাৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব ৷

এই ৰাজ্যসমূহৰ স্বায়ত্তশাসিত জিলা পৰিষদ (এডিচি) এক বিশেষ বৈশিষ্ট্যসম্পন্ন হোৱাৰ বাবে এই আঞ্চলিক কৰ্মশালাখনে ষষ্ঠ অনুসূচীভূক্ত অঞ্চলসমূহত ভূমি অভিলেখ ব্যৱস্থাপনাৰ আধুনিকীকৰণৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰাত নীতিগত আলোচনা শক্তিশালী কৰাৰ বাবে এক মঞ্চ মুকলি কৰিব বুলি আশা কৰা হৈছে।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ সচিব (ডিএলঅআৰ) অজয় তিৰ্কীয়ে কৰ্মশালাখন উদ্বোধন কৰিব ৷ কৰ্মশালাত অসম চৰকাৰৰ অতিৰিক্ত সচিব এইচ. এছ. মীনা আৰু যুটীয়া সচিব সোণমনি বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু ৰাজহ ভূমি অভিলেখ আৰু জৰীপৰ লগতে অঞ্চলটোৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত জিলা পৰিষদৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব ৷

চাৰিখন ৰাজ্য অৰ্থাৎ অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা, ভাৰতীয় জৰীপ, ভূমিৰ অভিলেখ, ৰাজহ আৰু জৰীপ আৰু বন্দোৱস্তি বিভাগ, স্বায়ত্তশাসিত জিলা পৰিষদৰ বিষয়া আৰু শিক্ষাবিদকে ধৰি প্ৰায় ৩০গৰাকী অংশগ্ৰহণকাৰীয়ে ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডৰ আধুনিকীকৰণ কাৰ্যসূচী আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য পদক্ষেপসমূহ ৰূপায়ণৰ বাবে আৰু ষষ্ঠ অনুসচী এলেকাসমূহত এই কাৰ্যসূচীসমূহৰ সৈতে জড়িত বিষয় সম্পৰ্কীয় কৃতিত্ব, প্ৰত্যাহ্বান আৰু আগবাঢ়ি যোৱাৰ পথ অভিযোজনৰ উপায়ৰ অন্বেষণ কৰিবলৈ আলোচনাত মিলিত হ’ব।

কৰ্মশালাত সিদ্ধান্ত গ্ৰহণকাৰী, নীতি বিশেষজ্ঞ আৰু আইন প্ৰণেতাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ অংশগ্ৰহণকাৰী একত্ৰিত হৈ দ্ৰুত আৰু অধিক কাৰ্যক্ষম, ফলপ্ৰসূ ভূমি ব্যৱস্থাপনা ব্যৱস্থা লাভ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰিব। এই কৰ্মশালাখন বিভিন্ন অংশীদাৰৰ বাবে যথেষ্ট তথ্যসমৃদ্ধ আৰু উপযোগী হ’ব, কাৰণ বিশ্ব বেংকৰ এজন বিশেষজ্ঞৰ দ্বাৰা বিশ্ব বেংকৰ ভূমি শাসন পৰিকাঠামোৰ ওপৰত বিশেষ অধিবেশন আৰু এখন গাঁৱলৈ ক্ষেত্ৰভিত্তিক ভ্ৰমণ কৰিব, য’ত জৰীপ আৰু ভূমি অভিলেখ বন্দোবস্তিৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply