গোলাঘাট : এক শোকাবহ পথ দুৰ্ঘটনাই পুৱাই জোকাৰি গ’ল গোলাঘাট। শিৱসাগৰৰ জাঁজীৰ পৰা গোলাঘাট নগৰৰ পূৰ্বাঞ্চল পথলৈ আহি থকা অৱস্থাত বিবাহযাত্ৰীৰ গাড়ী এখন ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়৷ জাঁজীৰ পৰা বিবাহযাত্ৰী লৈ গোলাঘাটলৈ আহি থকা অৱস্থাত এএছ-০১-ইএ-৯০৬০ নম্বৰৰ মহিন্দ্ৰা মাৰাজো গাড়ীখন গোলাঘাটৰ ঢেকীয়ালত‌ এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিপুল শাস্ত্ৰী নামৰ পুৰুহিতজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে মহানন্দ কলিতা নামৰ এজন লোকৰ চিকিৎসালয়লৈ নি থকাৰ অৱস্থাত মৃত্যু হয়৷ আনহাতে গাড়ীখনত থকা আন দুজন ব্যক্তি ক্ৰমে দিগন্ত বৰুৱা আৰু মুনিন্দ্ৰ দাস গুৰুত্বভাৱে আহত হোৱাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে৷ আঘাটপ্ৰাপ্ত আন তিনিজন হৈছে দিব্যজোতি গগৈ, অভিজিৎ সাহা আৰু চিত্ৰম গগৈ।

লগতে পঢ়ক : লামডিঙৰ উচ্ছেদিত সকলক আমছুৰ সাহায্য বিতৰণ

এই তিনিওজনকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘন কুঁৱলীৰ বাবে দুর্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আহত ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ লয় গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply