ডিফু : ড্ৰাগছৰ সৰবৰাহৰ নতুন কৌশল ড্ৰাগছ সৰবৰাহকাৰীৰ। নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী। বাহনৰ চিক্ৰেট চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই চতুৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফলত ড্ৰাগছ সৰবৰাহকৰী সকলৰ বাবে ড্ৰাগছ সৰবৰাহ কৰা অসম্ভৱ হৈ পৰিছে।

ইয়াৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকৰিয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে। নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে ড্ৰাগছ সৰবৰাহ চলাই আছে।

সোমবাৰে নতুন পন্থা অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰা চেষ্টা চলোৱা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ডিফু আৰক্ষীয়ে। ডিফু-ধনশিৰী পথৰ আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এএছ-১৭ডি-০০০৭ নম্বৰৰ বাহনত তালাচি চলাই বাহনখনৰ পে’ট্ৰলৰ টেংকীৰ কাষত অন্য এটা টেংকী উদ্ধাৰ কৰে। এই টেংকীৰ পৰা আৰক্ষীয়ে ৫৩২ গ্ৰাম সন্দেহযুক্ত হে’ৰইন জব্দ কৰে।

লগতে পঢ়ক : মিজোৰামৰ সাংসদৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

হে’ৰইনখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন কৰিমগঞ্জ জিলাৰ আলতাফ হুছেইন আৰু ছবিৰ হুছেইন বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply