ৰুপহীহাট : ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। জুৰীয়াত ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ হৈছে দুজন ড্ৰাগছ সৰবৰাহকাৰী।
নগাঁও আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে এক যৌথ অভিযান চলাই দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে ছবিকুল ইছলাম আৰু হবিবুৰ ৰহমান।
লগতে পঢ়ক : ৰাহুল গান্ধীৰ প্ৰতিবাদৰ লগত সংগতি ৰাখি জাগীৰোডত প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিবাদ
নগাঁও জিলাৰ জুৰীয়াৰ অন্তৰ্গত দীঘলীআটি গাঁৱৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে পুৰণি ১.২৬ লাখ টকা আৰু ১৬ গ্ৰাম ব্ৰাউন ছূগাৰ।