ৰূপহীহাট : ৰাজ্যৰ কেইবাখনো জিলাত পৰিণত হৈছে ড্ৰাগছৰ ঘটিত। বিশেষকৈ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা। জিলাখনত সহজে ড্ৰাগছ উপলব্ধ হোৱাৰ ফলত বহু যুৱক-যুৱতী ড্ৰাগছৰ কবলত পৰিছে।

নগাঁও জিলাত ড্ৰাগছ সেৱনৰ ফলত ইতিমধ্যে কেইবাজনো যুৱক-যুৱতীৰ অকাল মৃত্যুৰ ঘটনাও ঘটিছে। সহজে ধন ঘটাৰ স্বাৰ্থৰ একাংশ দুষ্ট চক্ৰই নগাঁও জিলাৰ চুকে কোনে মেলি দিছে ড্ৰাগছৰ জাল। নগাঁও জিলাত পূৰ্বেও বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

নতুন চৰকাৰখন গঠন হোৱাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প লৈ ড্ৰাগছৰ বিৰুদ্ধে যি ধাৰাবাহিক অভিযান চলাই আছে ইয়াৰ ফলত ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা ব্যক্তি সকলৰ কঁকাল ভাঙি পেইলাইছে অসম আৰক্ষীয়ে।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰক ড্ৰাগছ, গ্ৰেপ্তাৰ হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়া। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ প্রান্তে প্ৰান্তে আৰক্ষীয়ে জিলাখন ড্ৰাগছৰ অবৈধ বজাৰ মেলি দিয়া সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে নিজৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ এক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জুৰীয়াৰ মেলেকাধিংত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে ইয়াচিন আলী আৰু ৰফিকুল ইছলাম।

লগতে পঢ়ক  : ১৬ বছৰ অনূর্ধ অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্রতিযােগিতা আৰম্ভ

জুৰীয়া আৰক্ষীয়ে অভিযান চলাই ১২টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে।অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply