দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত খাৰুৱাবান্ধাত শনিবাৰে বিয়লি প্ৰায় ৪ বজাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
এক গোপন খবৰৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষীৰ এটা দলে খাৰুৱাবান্ধা বজাৰৰ কাষতে থকা পুৰণি চিত্ৰগৃহৰ কাষত অভিযান চলায়। আৰক্ষীয়ে সেই স্থানৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি ড্ৰাগছ ব্যৱসায়ী দুজনৰ কবলৰ পৰা ১০০০ টা ডব্লিউ ওৱাই নামৰ যুৱা টেবলেট জব্দ কৰে।
খাৰুৱাবান্ধা আৰক্ষীয়ে ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছখিনি জব্দ কৰিছে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত খাৰুৱাবান্ধা গাঁৱৰ প্ৰয়াত আব্দুল শ্বহীদ শেখৰ পুত্ৰ গোলাম মস্তফা আৰু প্ৰয়াত ছনদেছ আলীৰ পুত্ৰ হাবিজ উদ্দীন বুলি চিনাক্ত কৰা হৈছে।
ড্ৰাগছ ব্যৱসায়ী দুজনে দীৰ্ঘদিনৰ পৰা নিচাজাতীয় টেবলেটৰ লগতে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। ড্ৰাগছ ব্যৱসায়ী দুজনে মেঘালয়লৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ কিছু সময় পিছতে আৰক্ষীয়ে দুয়োক আটক কৰে।
লগতে পঢ়ক : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ড
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এফালে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত থকাৰ লগতে আনফালে অসম-মেঘালয় আন্তঃজিল সীমান্ত। সীমান্ত অঞ্চলৰ সুযোগ লৈ ড্ৰাগছ ব্যৱসায়ী সকলে জিলাখনৰ পৰা মেঘালয় তথা বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলায় আহিছে।