মৰাণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগচৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙৰ পৰা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া নেতৃত্বত মৰাণ আৰক্ষী থানাৰ সহযোগত গোপন সূত্ৰৰ পমখেদি কালি নিশা,দুই ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

প্ৰায় ১লাখ টকাৰ মূল্যৰ পাঁচটা ড্ৰাগছ ভৰ্তি ( ৩৮ গ্ৰাম) কন্টেনাৰ, দুটা মোবাইল ফোন, AS 07 N 7242 এখন চাৰিচকীয়া বাহনসহ নগদ ৫০ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ।

মৰাণ নগৰৰ সমীপৰ ৰাইদাঙত ভাৰা লৈ থকা ৰুমৰপৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰী হৈছে লখিমপুৰৰ নিপেন দাস আৰু ডিব্ৰুগড় মিলন নগৰৰ ৰুপম গগৈ ।

লগতে পঢ়ক- মহানগৰীৰ আশে পাশে থকা জলাশয় বোৰ কিমান সূৰক্ষিত আৰু সংৰক্ষিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply