গৰৈমাৰী : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান। পুনৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল জালত। গৰৈমাৰী আৰক্ষীয়ে লাভ কৰে এই সফলতা।
আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ মাজতো ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ চলি আছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চলত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়৷
গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি মজুমদাৰে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। মহিমাৰীস্থিত হাৰুণ আল ৰছিদ নামৰ এজন লোকৰ ঘৰত সোমবাৰে নিশাৰ ভাগত অভিযান চলাই এই সাফল্য লাভ কৰে।
লগতে পঢ়ক – তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে ৭ জনক
অভিযানকালত আৰক্ষীয়ে ৬ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে ৭ টা খালী কণ্টেইনাৰ জব্দ কৰে। আৰক্ষীয়ে মহিমাৰী গাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰী হাৰুণ আল ৰছিদ আৰু ৰফিকুল ইছলামক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন গৰৈমাৰী আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰে৷