ৰূপহীহাট : নগাঁৱৰ জুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী। জুৰীয়া আৰক্ষীৰ অভিযান হেৰ’ইন আৰু কফ চিৰাপসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী। দীর্ঘদিন ধৰি দুয়ো অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল।

নগাঁও জিলাৰ জুৰীয়াৰ নিজ জুৰীয়া আৰু শিঙীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা এই অভিযানত এখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ লগতে ১১ গ্ৰাম হেৰ’ইন আৰু ২৯৯ বটল নিষিদ্ধ কফ চিৰাফ জব্দ কৰে।

এই অভিযান কালত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে তিনিচুকীয়াৰ নুৰুল হক আৰু নগাঁৱৰ ফৌজদাৰীপট্টিৰ ইৰছাদ আলী। দীৰ্ঘদিন ধৰি দুয়ো অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

লগতে পঢ়ক : টাৱাঙলৈ যাব ওলাইছে? এবাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কি কয় শুনক

এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়ো ড্ৰাগছ সৰবৰাহকাৰীক। সম্প্ৰতি দুয়ো ড্ৰাগছ সৰবৰাহকাৰীক জুৰীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।

(বাহাৰুল ইছলাম)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply