গুৱাহাটী – ছয় লাখ টকা নগদ ধন আৰু হেৰই’নসহ আটক দুই। মহানগৰী গুৱাহাটীৰ গণেশগুৰিৰ পৰা আটক দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীৰ এগৰাকী মণিপুৰীৰ মহিলা। অন্য এজন যুৱক বৰপেটা জিলাৰ। অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু দিছপুৰ আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান।

ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হোৱাৰ পিছৰে পৰা আৰক্ষী আৰু জিলা প্ৰশাসন ব্যাপক তৎপৰ হৈ পৰিছে। নিৰ্বাচনৰ পূৰ্বেই আৰক্ষীয়ে তালাচি অভিযান তীব্রতৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ মাজতে মহানগৰী আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে নিচাজাতীয়া সামগ্ৰীৰ বিৰুদ্ধে অভিযান। অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই হাতীগাঁও আৰক্ষীৰ সহযোগত হাতীগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ হেৰই’ন আৰু কফ চিৰাপ জব্দ কৰাৰ পিছত পুনৰ গণেশগুৰিৰ পৰা নগদ ধনসহ হেৰই’ন জব্দ কৰিলে অপৰাধ নিয়ন্ত্ৰণ শাখাই।

মহানগৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই দিছপুৰ আৰক্ষীৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গণেশগুৰিৰ পৰা মহম্মদ ফাৰুক আহমেদ নামৰ এজন যুৱকৰ এএছ-০১-ইএম-৩১৫৫ নম্বৰৰ চাৰিচকীয়া বাহনৰ পৰা ৬,৪২,৫০০ নগদ ধনসহ এক পেকেট হেৰই’ন জব্দ কৰে। জব্দ হেৰই’নখিনিৰ ওজন ১২ গ্ৰাম বুলি জানিব পৰা গৈছে।

আনহাতে ধৃত মহম্মদ ফাৰুক আহমেদৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অপৰাধ নিয়ন্ত্ৰণ শাখাই কছমিছ নামৰ মণিপুৰীৰ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়ে যে মহম্মদ ফাৰুক আহমেদে মহিলাগৰাকীক ৬,৪২,৫০০ টকা দিবলৈ আহিছিল। প্ৰায় ১৫ দিন মান পূৰ্বে মহম্মদ ফাৰুক আহমেদে মহিলাগৰাকীৰ পৰা ২৫ পেকেট ড্ৰাগছ ক্ৰয় কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply