গুৱাহাটী : পশ্চিম গুৱাহাটী আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী। ১২ ঘণ্টাৰ ভিতৰত পশ্চিম গুৱাহাটী আৰক্ষীৰ দুটাকৈ ড্ৰাগছ বিৰোধী সাফল্য। ১২ ঘণ্টাৰ ভিতৰত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিলে ড্ৰাগছ।
ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ প্রান্তে প্রান্তে অসম আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হোৱাৰ লগতে জব্দ কৰি আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।
বৃহস্পতিবাৰে পশ্চিম গুৱাহাটী আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই দুটাকৈ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে লাখৰাৰ ফৰেষ্ট গেটৰ চানপো ভেলীৰ পৰা আকাশ দাস নামৰ এজন যুৱকক আটক কৰে। যুৱকজনৰ কবলৰ পৰা আৰক্ষীয়ে ১২.৪০ গ্ৰাম সন্দেহজনক হে’ৰইন জব্দ কৰে।
লগতে পঢ়ক : অসমৰ মাটিত অৰুণাচলীৰ আগ্ৰাসন
ইয়াৰ পিছতে অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু গৰচুক আৰক্ষীৰ এটা দলে কটাবাৰীত মবাইল মেৰামতি কৰা এখন দোকানত অভিযান চলাই ড্ৰাগছ জব্দ কৰে। অভিযানকাৰী দলটোৱে দোকানখনৰ পৰা ৯ টাকৈ কন্টেইনাৰত প্ৰায় ১১.৮ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰে। আৰক্ষীয়ে ছামছুল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰে।