গুৱাহাটী : মহানগৰীৰ খানাপাৰাত অঘটন।বিদ্যুতস্পৃষ্ট হ’ল দুজনকৈ যুৱক। খানাপাৰাৰ এটা হাই টেনশ্যন লাইনত বিদ্যুতস্পৃষ্ট হৈ ওলমিল আছিল যুৱক দুজন।

বিদ্যুতস্পৃষ্ট হোৱা যুৱক দুজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ স্থানীয় লোকৰ। স্থানীয় লোকৰ তৎপৰতাত যুৱক দুজনক ভৰ্তি কৰোৱা হয় মেট্ৰো হাস্পতালত।

বিদ্যুতস্পৃষ্ট হোৱা যুৱক দুজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যুৱক দুজন চাদ্দাম হুছেইন আৰু ছফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। যুৱক দুজনৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : ৰাজকন্যা বৰুৱাই গাড়ীৰে মহতীয়াই নিয়া যোছেফ মাৰাকৰ মৃত্যু

কুশল বৰ্মন নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত বিদ্যুৎ বিভাগৰ কাম চলি আছিল খানাপাৰাত। ৰাতিপুৱা ৫ বজাৰ পৰা কৰ্মত নিয়োজিত হৈ আছিল যুৱক দুজন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply