হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত CIDৰ কাৰ্যালয়ত উপস্থিত হয় ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকসহ ২ কৰ্মচাৰী।
ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰ্তকৰ মাজতে আজি গুৱাহাটীস্হিত অপৰাধ তদন্ত বিভাগৰ(CID)মুখ্য কাৰ্যালয়ত উপস্তিত হৈছে মাধ্যমিক শিক্ষা ব’ৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা।
প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ সন্দৰ্ভত CIDয়ে সোধা পোচাৰ বাবে শৰ্মাক তলব কৰিছে। শৰ্মাৰ লগতে আন দুজনকো CIDয়ে তলব কৰিছে। তেওঁলোক হ’ল ক্ৰমে কাৰ্যালয় সহায়ক কুশল দাস আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
বৰ্তমান CIDৰ বিষয়াসকলে ছেবাৰ কৰ্মচাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে। জানিবলৈ পোৱা মতে তেওঁলোকে লগত কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰও লৈ আহিছে।