নিউজ ডেস্কঃ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে কভিড১৯ত আক্রান্তৰ সংখ্যা।
শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত দুজন বনকৰ্মী কভিড ১৯ত আক্ৰান্ত হৈছে।
আক্ৰান্ত বনকৰ্মী দুজন দ্বিতীয় অসম সুৰক্ষা বাহিনীৰ এ.এছ.আই কুশল নাথ আৰু সাময়িক কৰ্মী প্ৰেম ৰাজভৰ।
বুঢ়াপাহাৰত বন শিবিৰত নিয়োজিত আছিল বনকৰ্মী দুজন।
শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিনৰ আগতে পৰ্যটকৰ বাবে বন্ধ কৰি দিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত পৰ্যটকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে। উল্লেখ্য যে যোৱা বছৰ কভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাত প্ৰায় সাত মাহ ধৰি পৰ্যটকৰ বাবে বন্ধ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।