এইবাৰ আলফা স্বাধীনলৈ গুৱাহাটীৰ দুই যুৱতী যোৱাৰ খবৰ । সন্ধানহীন হৈ থকা দুই যুৱতী আলফা স্বাধীনৰ কেম্পত উপস্থিত হোৱা বুলি প্ৰকাশ। যোগদান কৰা যুৱতী দুগৰাকী খাৰঘুলিৰ সৰস্বতী দাস, ৰুমি ডেকা।

যোৱা মঙলবাৰৰ পৰা সন্ধানহীন আছিল এই দুই যুৱতী।দুয়োগৰাকী যুৱতী বুধবাৰে আলফা স্বাধীনৰ কেম্পত উপস্থিত হোৱা বুলি প্ৰকাশ।
উজনি অসমৰ এজন শীৰ্ষ আলফা নেতাৰ তত্বাৱধানতে যুৱতী দুগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰিছে বুলিও পোহৰলৈ আহিছে।

বাতৰি প্ৰকাশ পোৱাৰ পিছত আৰক্ষীয়ে পৰিয়ালৰ সৈতে সোধাপোছা আৰম্ভ কৰিছে যদিও এতিয়ালৈকে একো তথ্য প্ৰকাশ কৰা নাই। আনহাতে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই পৰেশ বৰুৱাই।

লগতে পঢ়ক –অসম আৰক্ষীত ৪ শতাধিক পদত ওলাইছে চাকৰি; সোনকালে কৰক আৱেদন


আলফামুখী সৰস্বতী দাসে লিখা এটা এটা কবিতাক লৈও চৰ্চা চলিছে। কবিতাটোত আছে সৰস্বতীৰ এক ইংগিত আলফামুখী হোৱাৰ ইংগিত ‘বিকল্পৰ সন্ধানত’ কবিতাত
ধাৰ লৈ সুখী হ’ব নোখোজাৰ অংগীকাৰ। সুখী হোৱাৰ বিকল্প পথ বিচাৰি আলফাত যোগদানৰ ইংগিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply