লখিমপুৰ: নাৰী সৰবৰাহকাৰী এক চক্ৰৰ হাতৰ পৰা উদ্ধাৰ হ’ল লখিমপুৰ জিলাৰ লালুকৰ দুগৰাকী যুবতী। ৰাজস্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চাহ জনগোষ্ঠীয় এই দুগৰাকী যুৱতীক।
উল্লেখযোগ্য যে প্ৰায় ১৮ দিন পূৰ্বে গুৱাহাটীলৈ কাম কৰিবলৈ নিয়াৰ চলেৰে যুৱতী দুগৰাকীক লৈ গৈছিল ধলপুৰৰ পদুমী দাস নামৰ এগৰাকী মহিলাই।
গুৱাহাটীলৈ নিয়াৰ চলেৰে ৰাজস্থান পোৱালেগৈ | ৰাজস্থানত দুই যুৱতীক কোনো লোকৰ সৈতে বিয়া দিবলৈ যো জা চলাই থাকোতেই অসম আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ৰাজস্থান আৰক্ষীয়ে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে লৈ যোৱা যুবতী দুগৰাকীকো উদ্ধাৰ কৰে। সম্প্ৰতি লালুক আৰক্ষী থানাই তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক-লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি