ধুবুৰী : ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ সাতছিয়া বালাটাৰীত সোমবাৰে বিয়লি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যোৱা দুই কিশোৰীৰ মৃতদেহ মঙলবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয়। আৰক্ষীয়ে জানিব দিয়া মতে সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত দুটি কিশোৰী আৰু এটি ৫ বছৰীয়া শিশু ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ নদীত নোখোজ হৈ পৰে।
স্থানীয় লোক সকলে ঘটনা সংক্রান্তত ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়াৰ লগতে ৰাইজে ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰে। ৰফিকুল ইছলাম নামৰ শিশুটিক ৰাইজে কোনো মতে উদ্ধাৰ কৰে যদিও কিশোৰী দুগৰাকী নোখোজে হৈ পৰে। ইফালে বিয়লি প্ৰায় ৪.৩০ বজাত ফকিৰগঞ্জ আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও নিশাৰ ভাগলৈকে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰিব নোৱাৰে।
ইফালে মঙলবাৰে পুৱাৰ ভাগত পুনৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলোৱাত পুৱা প্ৰায় ৮.৩০ বজাত নদীৰ মাজৰ পৰা কিশোৰী দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা কিশোৰী দুগৰাকী ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ গোছাইডুবি গাঁৱৰ জয়নাল মুন্সীৰ কন্যা আন্না আৰু কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপূৰ থানা এলেকাৰ অধীনস্থ শিমলু তাবুৰ গাঁৱৰ জাহেদুল ইছলাম কন্যা জমিলা খাতুন বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : মৰাপাট চুৰিক কেন্দ্ৰ কৰি দুই কৃষক ফৈদৰ মাজত মাৰপিট
আনহাতে ৰফিকুল ইছলাম নামৰ শিশুটি জমিলা খাতুনৰ কনিষ্ঠ ভাতৃ। দুয়ো কোকৰাঝাৰ জিলাৰ পৰা মাতৃৰ সৈতে মোমায়েকৰ ঘৰত ফুৰিবলৈ আহিছিল। ইতিমধ্যে মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ ফকিৰগঞ্জ এলেকাত গভীৰ শোকৰ ছাঁ পেলাইছে।