ৰূপহীহাটঃ জুৰীয়াত শিক্ষা বিভাগৰ আজৱ কাণ্ড। একেখন বিদ্যালয়তে চৰকাৰী অনুমোদন সাপেক্ষে নিযুক্তি দিলে দুজনকৈ প্ৰধান শিক্ষকক।

বিপাঙত পৰিছে নৱনিযুক্ত জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। এই ঘটনা সংঘটিত হৈছে জুৰীয়া ধিংগাওঁ প্ৰাথমিক বিদ্যালয়ত।

প্ৰায় ৬ বছৰ পূৰ্বে ধিং গাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হাফিজুৰ ৰহমানক মধ্যাহ্ন ভোজনৰ চাউল কেলেংকাৰি হোৱাৰ অভিযোগত শিক্ষা বিভাগে নিলম্বন কৰিছিল। তাৰ পিছৰে পৰা শিক্ষা বিভাগে বিদ্যালয় খনৰ সহ:শিক্ষক ৰিজাবুল হকক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিছিল।

লগতে পঢ়কঃনগাঁও এডিপি কলেজৰ আৰবী বিষয়ৰ প্ৰবক্তা ড° জহিৰুল ইছলামক গ্ৰেপ্তাৰ

যোৱা ৩ ছেপ্টেম্বৰত শিক্ষা বিভাগে প্ৰধান শিক্ষক হাফিজুৰ ৰহমানৰ নিলম্বন প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদবীত পুনৰ যোগদানৰ নিৰ্দেশ দিয়ে। বিভাগীয় নিৰ্দেশ মৰ্মে প্ৰধান শিক্ষক হাফিজুৰ ৰহমানে বিদ্যালয় খনত যোগদানৰ বাবে উপস্থিত হয় যদিওঁ বিদ্যালয়ত উপস্থিত নাথাকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰিজাবুল হক।

পাছত স্থানীয় দগাঁও আৰক্ষী চকীত অভিযোগ দিয়াত দগাওঁ আৰক্ষী বিদ্যালয় খনত দুদিনকৈ উপস্থিত হয় যদিও ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰিজাবুল হক পলাই ফুৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply