বৰপেটাঃ বৰপেটাৰোডৰ শিমলাগুৰিত নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান৷ শিমলাগুৰি পহৰা চকীৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ এগৰাকী মহিলাসহ দুই নাৰী সৰবৰাহকাৰী ৷ ধৃত দুই নাৰী সৰবৰাহকাৰীৰ নাম প্ৰকাশ সাহানি আৰু পদুমী বৈশ্য বুলি জানিব পৰা গৈছে ৷ এই দুই নাৰী ব্যৱসায়ীয়ে বৰপেটাৰোড অঞ্চলৰ বহু যুৱতী-মহিলাক অপহৰণ আৰু প্ৰলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছিল ৷

লগতে পঢ়কঃপশ্চিম কাৰ্বি-আংলঙৰ খানদং জলবিদ্যুৎ প্ৰকল্পই খুলিলে বান্ধ, ভয়াৱহতাৰ দিশে মধ্য অসমৰ বান পৰিস্থিতি

বুধবাৰে শিমলাগুৰি পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই দুই নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহুকেইগৰাকী মহিলাক বহিঃৰাজ্যত বিক্ৰীৰ ঘটনা ৷ এতিয়ালৈকে দুই নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে থকা অভিযোগ সম্পৰ্কে  তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই যদিও দুই অভিযুক্তক জেৰা চলাই আছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply