বঙাইগাঁও : বঙাইগাঁৱত প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিটৰ ঘটনা গুৰুত্বৰভাৱে আহত হৈছে দুজন। এগৰাকী মহিলাও উক্ত মাৰপিটৰ ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছে।
বঙাইগাঁৱৰ গোলাপাৰাত এক প্ৰচণ্ড মাৰপিটৰ ঘটনাত এগৰাকী মহিলাসহ দুজন আহত হৈছে। পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
কোকিলা ১ ম খণ্ডৰ আজাহাৰ আলী নামৰ এজন লোকৰ কন্যা গোলাপাৰাৰ সমেজ উদ্দিনৰ লগত কিছু বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ পিছৰে পৰা দুই পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হৈ আহিছিল।
শুকুৰবাৰে নিশাৰ ভাগত দুই পৰিয়ালৰ মাজত হোৱা কাজিয়াক কেন্দ্ৰ কৰি এক আলোচনা সভা অনুষ্ঠিত হৈছিল। আলোচনাৰ পিছতে দুয়ো পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়।
লগতে পঢ়ক – গুৱাহাটীত আহিছে দ্য গ্ৰেট খলী
এই মাৰপিটৰ ঘটনাত এখন চাৰিচকীয়া বাহনো ক্ষতিগ্ৰস্ত হয়। মাৰপিটৰ ঘটনাত আজাহাৰ আলীৰ কন্যা আৰু জোৱাই গুৰুত্বৰভাৱে আহত হৈছে। আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।