নগাঁও : নগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। নগাঁৱৰ উৰিয়াগাঁৱত সংঘটিত হয় এই পথ দুর্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে দুজন যুৱকক। দুৰ্ঘটনা নিহত হয় দুয়োজন যুৱক।
মঙলবাৰে নিশা প্ৰায় ১১ বজাত নগাঁৱৰ উৰিয়াগাঁৱত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। পথ দুর্ঘটনাটোত দুজন যুৱক নিহত হয়। বাইকেৰে আহি থকা দুজন যুৱকক তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়ে।
উজনি অসম অভিমুখে গৈ থকা বাইকখনক বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰাক এখনে মহতিয়াই নিয়ে। এই ভয়ংকৰ দুর্ঘটনাত নিহত হোৱা যুৱক দুজনৰ এজনৰ নাম ৰিংকু মেধী বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বন্ধ হোৱা নাই দুৰ্নীতি, দুই বিষয়া নিলম্বন
নিহত আনজন যুৱকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক পলায়ন কৰা বুলি জানিব পৰা গৈছে।