হাইলাকান্দিত দুই দালালে বিক্ৰী কৰিলে চৰকাৰী ভূমি

হাইলাকান্দি: অসম চৰকাৰে এদিন দুদিনৰ বাবে চমক সৃষ্টি কৰিবলৈ কেইজনমান মাটিৰ দালালক ধৰিছিল যদিও এই দালালৰ কাৰ্যকলাপ এতিয়াও শেষ হোৱা নাই ৰাজ্যৰ ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয় সমূহত । শেহতীয়াকৈ তেনে দুজন দালালৰ এক আজব ঘটনা পোহৰলৈ আহিছে । এইবাৰ মাটিৰ দালালে বিক্ৰী কৰিলে চৰকাৰী প্ৰতিষ্ঠান। সকলো গম পাইও এতিয়া প্ৰশাসন নিদ্ৰাত ।

ঘটনাৰ বিবৰণি মতে, হাইলাকান্দি জিলাৰ অন্তৰ্গত ১৬ নং ৱাৰ্ডৰ নিবাসী আপু দেবনাথে আজিৰ পৰা প্ৰায় দুই বছৰ আগত এই দুই জন ভূ-মাফিয়া আব্দুল ৰেজাক লস্কৰ (ৰিঙ্কু) আৰু
পঙ্কজ চক্রবর্তী (বাবলা) সৈতে যোগাযোগ কৰি মাটি ক্ৰয় কৰিছিল ১১ লাখ টকাত।

নিজে ক্ৰয় কৰা ভূমি চমজি লবলৈ যোৱাৰ সময়তে লাগিল অথন্তৰ | মাটি দখল কৰিব যোৱাৰ সময়ত মাটিৰ মালিক ওলাল আন এজন । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাটিৰ নথিপত্ৰও পালে অপু দেবনাথে | কাগজপত্ৰ সমূহ পুনৰ পৰীক্ষা কৰা সময়ত দেখা গ’ল বিক্ৰী কৰা বুলি যি ডোখৰ মাটি তেওৰ নামত লিখি দিছে সেইখিনি চৰকাৰী ভূমি ।

এই দুই ভূ-মাফিয়া দালাল মিলি ইতিমধ্যে আপু দেবনাথৰ পৰা ১১ লাখ টকা লৈছে বুলি দেবনাথৰ পৰিয়ালে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষকক জনোৱা হয় তাৰ পাছত আপু দেবনাথে এই দুইজন ভূ-মাফিয়া দালাল আৰু মাটিৰ মালিক ৰূপী প্রদীপ চক্রবর্তীৰ বিৰুদ্ধে হাইলাকান্দি সদৰ থানাত যোৱা ২৪ ছেপ্টেম্বৰতে এক গোচৰ ৰুজু কৰে।

দালালৰ পাকচ্ক্ৰ সকলো শেষ অপু দেবনাথৰ পৰিয়াল

এই ক্ষেত্ৰত আজিলৈকে হাইলাকান্দি সদৰ আৰক্ষীয়ে কোনো ধৰনৰ ব্যবস্থা গ্ৰহণ কৰা নাই। যি সময়ত অসম চৰকাৰ ভূ-মাফিয়া দালালৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ এক অনুৰুপ ঘটনা দেখা গৈছিল হাইলাকান্দি জিলাতো।

কিন্তু এতিয়া দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগ পোৱাৰ পিছতো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। অপু দেবনাথৰ পৰিয়ালটো এতিয়া দালালৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱায় ন্যায়ৰ বাবে হাবথুৰি খাব লগাত পৰিছে।

লগতে পঢ়ক-ক’ভিডত মৃত ব্যক্তিৰ পৰিয়ালবৰ্গলৈ প্ৰাৰ্থনা আঁচনিৰ আৰ্থিক সাহাৰ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply