নিউজ ডেস্কঃঅতি শীঘ্ৰেই নিৰ্মাণ হ’ব ব্ৰহ্মপুত্ৰ নদীৰ তলত দুইলেনযুক্ত বৃহৎ সুৰংগ পথ।
কেন্দ্ৰীয় চৰকাৰে এই সুৰংগ পথ নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰস্তাৱ অনুমোদন জনাইছে।
এই দুইলেন যুক্ত সুৰংগ পথটো নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ তলেদি গহপুৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লগত সংযোগ হ’ব।
লগতে পঢ়কঃধনৰ বিনিময়ত চাকৰি : বিপদত পৰাৰ সম্ভাৱনা ৩০ জনকৈ ৰাজপত্ৰিত বিষয়া
১৫.৬ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব লগা এই সুৰংগ পথটো ১৮ কিলোমিটাৰ পথৰ লগত সংযোগৰ দৈৰ্ঘৰে মুঠ ৩৩ কিলোমিটাৰ দীঘল হ’ব।
মুঠ ১২,৮০৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব লগা এই সুৰংগ পথটোৰ প্ৰস্তাৱ আজি কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে ।