ডিফু : কাৰ্বি আংলং জিলাৰ কুকি উগ্ৰপন্থী সংগঠন ইউ পি আৰ এফৰ দুই সদস্য আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয়৷ সিংহাসন পাহাৰৰ জলেনত দেওবাৰে দুপৰীয়া আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত নিহত হয় উগ্ৰপন্থী দুজন। নিহত উগ্ৰপন্থী দুজনৰ কবলৰ পৰা উদ্ধাৰ হয় দুটা এ কে-৪৭ ৰাইফল।
সিংহাসন পাহাৰৰ জলেনত উগ্ৰপন্থী থকাৰ গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় আৰু আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত উগ্ৰপন্থী দুজন নিহত হয়। উল্লেখ্য যে ২০২০ চনৰ ছেপ্তেম্বৰ মাহত সংগঠনটোৰ সেনাধ্যক্ষ মাৰ্টিন কুকিয়ে বোকাজান থানাৰ অন্তৰ্গত তকৌলাংচ’ৰ বনভোজস্থলী লৈ আহি বনভোজ খাবলৈ অহা লোকৰ লগত ছেল্ফি উঠি চৰ্চালৈ আহিছিল আৰু তাৰ পিছতে আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত তেওঁৰ মৃত্যু হৈছিল৷
লগতে পঢ়ক : ১০ হাজাৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত কামৰূপ জিলা সফল হ’ব বুলি আশাবাদী মন্ত্ৰী কেশৱ মহন্ত
ইয়াৰ পিছতে ২০২০ চনৰ ২১ ডিছেম্বৰত সংগঠনটোৰ সকলো সদস্য আত্মসমৰ্পণৰ বাবে আহিছিল। পৰৱৰ্তী সময়ত বীৰাপ্পান আৰু অৰ্জুনৰ নেতৃত্বত ৬ গৰাকী সদস্য পুণৰ অস্ত্ৰসহ অৰণ্যলৈ উভতি যায়৷ ইয়াৰে অৰ্জুত কিছুদিন পূৰ্বে আৰক্ষীৰ হাতত ধৰা পৰে। বৰ্তমান অৰ্জুত কাৰাগাৰত বন্দী হৈ আছে।