তামুলপুৰ : তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। তামুলপুৰত আৰক্ষীয়ে মোৱাইল চোৰৰ চক্ৰ উৎখাত কৰে। চুৰিৰ মবাইলসহ বিভিন্ন ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হয় দুজনকৈ চোৰ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ দুজনৰ ভিতৰত এজন নাবালক আনহাতে আনজনৰ বয়স ১৯ বছৰ। ১৯ বছৰীয়া চোৰজনৰ নাম হৈছে বুহম ব্ৰহ্ম। বুহম ব্ৰহ্মৰ ঘৰ তামুলপুৰৰ মাদাৰবাৰীত বুলি জানিব পৰা গৈছে।
এই দুই চোৰে লুটি নিছিল প্ৰায় ৩.৫০ লাখ টকাৰ মোবাইল আৰু ইলেক্ট্ৰনিক্সৰ সামগ্ৰী। তামুলপুৰৰ ঘগ্ৰাচকত মৃদুল বৰ্মন নামৰ এজন লোকৰ ইলেকট্ৰনিকচৰ দোকানৰ পৰা যোৱা ৪ জুন তাৰিখে এই দুই চোৰে সামগ্ৰীসমূহ লুটি নি সামগ্ৰীসমূহ বুহম ব্ৰহ্মৰ ঘৰত ৰাখিছিল।
লগতে পঢ়ক : প্ৰবীণ অভিনেতা ভোলা কটকী আৰোগ্য!অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন
তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাদাৰবাৰী গাঁৱৰ বুহম ব্ৰহ্মৰ ঘৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই সামগ্ৰীসমূহ উদ্ধাৰ কৰে।এতিয়াও বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ বাকী আছে। আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।