শুকুৰবাৰে আৱেলিৰ ভাগত দুটাকৈ মৃদু প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখনক জোকাৰি যায়।
National Center for Seismology –য়ে প্ৰকাশ তথ্য অনুসৰি দুয়োটা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা।
৩.৫ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্প আহিছিল আবেলি ৪.৪৯ বজাত আৰু ৩.২ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্প আহিছিল সন্ধিয়া ৬.২৭ বজাত।
বাতৰি লিখা সময়লৈকে ভূমিকম্প দুটাৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।
উল্লেখযোগ্য যে যোৱা বুধবাৰে পুৱা অহা ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ পিছৰ পৰা এই পৰ্য্যন্ত ৰাজ্যখনত ২০ টাতকৈ অধিক মৃদু প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখনক জোকাৰি গৈছে।