বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত সংঘটিত ‘ডাইনী’ হত্যাৰ ঘটনাৰ লগত জড়িত আৰু দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে আংগাৰকাটা বৈগ্ৰীগুৰি গাঁৱৰ ৰৌমি বসুমতাৰী (২১) আৰু সুবল বড়ো (৩০)।
উল্লেখযোগ্য যে সোমবাৰে দিনৰ ভাগত কুমাৰীকাটাৰ বৈগ্ৰীগুৰি গাঁৱত বীৰেন বড়ো নামৰ এজন লোকক ডাইনী সজাই গাঁওখনৰ এচাম পুৰুষ-মহিলাই বৰ্বৰভাৱে আক্ৰমণ চলাই হত্যা কৰে।
লগতে পঢ়ক : ৰাজ্যত পুনৰ ডাইনীৰ নামত মৰিয়াই মৰিয়াই এজন লোকক হত্যা
আনকি ঘটনাৰ খবৰ পাই লোকজনক উদ্ধাৰৰ বাবে যোৱা কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলকো উত্তেজিত ৰাইজে আক্ৰমণ চলাইছিল।
ইয়াৰ পূৰ্বে ঘটনা সম্পৰ্কত সোমবাৰে আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। উক্ত লোক কেইজন হৈছে লক্ষিন্দ্ৰ বড়ো (৩২), সুনোচ নাৰ্জাৰি (২১), বিৰ্খাং বসুমতাৰী (২৩), ৰিংখাং বসুমতাৰী (২১) আৰু ৰাজেন নাৰ্জাৰি (৪৭)।