গোলাঘাট : সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ ভয়াবহ হৈ উঠিছে ক’ভিড পৰিস্থিতি। প্ৰতিদিনে অসমত নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও।বিশেষকৈ কামৰূপ মহানগৰ জিলাত ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ দিশত অগ্ৰসৰ হৈছে।
কামৰূপ মহানগৰ জিলাৰ লগতে গোলাঘাট জিলাটো দেখিবলৈ পোৱা গৈছে ক’ভিডৰ সংহাৰী ৰূপ। জিলাখনত শুকুৰবাৰে পুনৰ দুজন কভিড আক্রান্ত লোকৰ মৃত্যু ঘটে। মহিমা চাহ বাগিচাৰ সহকাৰী পৰিচালক আনন্দ কুমাৰ শ্ৰীবাস্তৱ আৰু বেঙেনাখোৱাৰ দেৱী মায়া প্ৰধান নামৰ এগৰাকী মহিলা কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰে।
জানিব পৰা মতে কভিড আক্রান্ত ৪৪ বছৰীয়া আনন্দ কুমাৰ শ্ৰীবাস্তৱ আৰু ৫৪ বছৰীয়া দেৱী মায়া প্ৰধানৰ অৱস্থা সংকটজনক হৈ পৰাত দুয়োকে আই চি ইউত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছিল। মৃত দুয়োজনৰে শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছিল। ইফালে মৃত দুয়োজনৰে সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।