মানকাচৰ : মানকাচৰত পুনৰ দুজনৰ শৰীৰত ধৰা পৰিল কৰ’ণা ভাইৰাছৰ অৱস্থিতি। ১৬ এপ্ৰিলত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত একেটা পৰিয়ালৰ তিনিজনকৈ লোক আক্রান্ত হৈছিল কৰ’ণাত। মানকাচৰত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি। শনিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৯৭ জন লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শনিবাৰে পুনৰ দুজন যুৱক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে। নতুনকৈ দুজন যুৱক কৰ’ণাত হোৱাত জিলাখনত আক্রান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শনিবাৰে মুঠ ৯৭ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছিল।
কভিড পৰীক্ষা কৰা ৯৭ জন লোকে ভিতৰত দুজন কৰ’ণাত আক্রান্ত বুলি স্পষ্ট হয়। মানকাচৰৰ কালাপানীৰ সাদুল্যাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুজন ১৮ বছৰীয়া যুৱকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। আক্রান্ত যুৱক দুজন হৈছে বাউছকাটা গাঁৱৰ ৰাকিফুল ইছলাম আৰু ছাকিফুল ইছলাম।
উল্লেখ্য যে যোৱা ১৬ এপ্ৰিলত মানকাচৰৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত একেটা পৰিয়ালৰ ৩ জনৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। মৈশালডাঙ্গা গাঁৱৰ নুৰ জামাল শেখ, তেওঁৰ পত্নী হালিমা খাতুন আৰু কন্যা ৰেণুকা পাৰভিনৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। বর্তমানলৈকে জিলাখনত মুঠ ৬ জনৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।