সোণাৰি : ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ অধীনত মাহমৰা সমষ্টিৰ দুটা পদৰ আধাৰশিলা স্থাপন কৰিলে পাৰ্বত্য উন্নয়ন তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে।
লোকনিৰ্মাণ বিভাগৰ অধীনত নাবাৰ্ড আৰু RIDF ৰ শিতানত নিৰ্মাণ কৰিবলগীয়া পথ দুটাৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে। সোণাৰি-মৰাণ সংযোগী পথ আৰু পাটসাঁকো দিচাংপানী মথাউৰি পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় লোকসকল উপস্থিত থাকে।
মন কৰিবলগীয়া যে এই দুটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ সম্পূৰ্ণ হ’লে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগত মাহমৰা সমষ্টিৰ যাতায়ত ব্যৱস্থা অধিক সূচল হৈ উঠিব।