দেওবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনছা কাৰাগাৰত ভয়ংকৰ ঘটনা সংঘটিত হয়। নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজতান্ত্ৰিক পৰিষদ-খাপলাং(এনএছচিএন-কে)ৰ দুজন উগ্ৰপন্থী অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনচা কাৰাগাৰত ৰখা হৈছিল।

তথ্য অনুসৰি ৰকচেন হোমছা আৰু টিপু কিটনিয়া নামৰ দুজন এনএছচিএন-কেৰ দুজন উগ্ৰপন্থীয়ে কাৰাগাৰ চৌহদত সেই সময়ত পহৰা দি থকা দুজন কনিষ্টবলৰ সৈতে হিংসাত্মক কাজিয়া কৰিছিল।তাৰ পাছতে উগ্ৰপন্থী দুজনে পলাবলৈ চেষ্ঠা কৰে।

উগ্ৰপন্থীকেইটাক পলাই যোৱাত বাধা দিওতে দুই কয়দীয়ে কৰ্তব্যৰত কনিষ্টবলৰ পৰা AK47 কাঢ়ি লৈ দুজন কনিষ্টবলক গুলিয়াই পলায়ন কৰে থানাৰ পৰা।

আহত দুজন কনিষ্টবলৰ এজনৰ নাম যাক ৱাংনিয়াইন বোচাই বুলি চিনাক্ত কৰা হৈছে, ডিব্ৰুগড়ৰ অসম চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয় কনিষ্টবলজনৰ ।

আনজন আহত কনিষ্টবলৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।  অৰুণাচল প্ৰদেশৰ তিৰাপ আৰক্ষীয়ে পলাই যোৱা উগ্ৰপন্থী দুজনক ধৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply