ছয়গাঁও : শনিবাৰে সন্ধিয়া ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে এক গোপন খবৰৰ ভিত্তিত জোৰশিমলুৰ চাইদুল ইছলামৰ ঘৰত অভিযান চলাই প্ৰায় ২‍১ কেজি গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

ছয়গাঁও আৰক্ষীয়ে আটক কৰা লোক দুজন হ’ল জোৰশিমলুৰ চাইদুল ইছলাম আৰু গাঞ্জা বেপাৰী ভুলকাবাৰীৰ চাহানুৰ হক । লোক দুজনৰ সৈতে নগদ ১০ হেজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে ।

আনহাতে জব্দ কৰা গাঞ্জা খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২ লাখ ১০ হেজাৰ । জানিব পৰা মতে, জব্দ কৰা গাঞ্জাখিনি ব্ৰহ্মপুত্ৰ সিপাৰে নিবলৈ ঘৰত ঠিক ঠাক কৰি থকা অৱস্থাত ছয়গাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক-লখিমপুৰ জিলাৰ সোৱণশিৰিত মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় ভাষা দিৱস উদ্‌যাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply