যোৰাবাট : যোৰাবাট আৰক্ষীয়ে চুৰিৰ লেপটপসহ দুজন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এখন নৈশ বাছৰ পৰা লেপটপ চুৰ কৰিছিল চোৰ দুজনে। ধৃত চোৰ দুজনৰ এজন নগাঁও আৰু এজন গোলাঘাট জিলাৰ।
গুৱাহাটীৰ হেঙেৰাবাৰীৰ প্ৰীতম বৰা নামৰ এজন লোক যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে এখন নৈশ বাছেৰে আহি থকা অৱস্থাত যোৰাবাটত বাছখন ৰখাই দিয়াত চাহ খাবলৈ বাছৰ পৰা ওলাই অহাত প্ৰীতম বৰাৰ লেপটপ বাছৰ পৰা চুৰ হৈছিল। এই সন্দৰ্ভত প্ৰীতম বৰাই যোৰাবাট থানাত এক গোচৰ ৰুজু কৰিছিল।
যোৰাবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই যোৰাবাটৰ শংকৰ নগৰৰ পৰা চুৰিৰ লেপটপসহ দুজন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুজন নগাঁও জিলাৰ বাবুল আলী আৰু গোলাঘাট জিলাৰ ৰাজু আলী।