বোকাজান: লাহৰীজানত আৰক্ষীৰ বিশেষ সফলতা। যাত্ৰীবাহি বাছৰ পৰা ২ কিলোগ্ৰাম ওজনৰ মৰফিনসহ দুজনক আটক। সোমবাৰে লাহৰীজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক মনোজ্বল গগৈ আৰু তেওঁৰ সহযোগী অভিযানকাৰী দলে লাহৰীজানত এখন যাত্ৰীবাহি বাছৰ পৰা কোটি টকা মূল্যৰ দুই পেকেট মৰফিন জব্দ কৰে ।

বাছখনৰ ১৭ আৰু ১৮ নম্বৰ আসনত বহি থকা সঞ্জিত কুমাৰ (২৭) আৰু আনন্দ ৰয় নামৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।AS-09C-6054 নম্বৰৰ এখন বাছত আনিছিল ড্ৰাগছখিনি।

দুই ড্ৰাগছ সৰবৰাহকাৰী ধৃত সঞ্জীত কুমাৰ আৰু লক্ষ্মণ চৌধুৰীক আটক কৰিছে আৰক্ষীয়ে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহিছিল বাছখন। বাছৰ চিটৰ তলত লুকুৱাই অনা অৱস্থাত আৰক্ষীযে জব্দ কৰে ড্ৰাগছখিনি। ইয়াৰে সঞ্জিত কুমাৰ বিহাৰৰ ইষ্ট চম্পাৰন জিলাৰ।

লগতে পঢ়ক সুস্মিতা দেবৰ তৃণমূল যাত্ৰা: অসমৰ ৰাজনীতিত সম্ভাব্য প্ৰভাৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply