শিৱসাগৰ: শিৱসাগৰ নগৰৰ সমীপৰ ৰাজৰশ্মি ধাবাৰ সন্মুখৰ এটা ঘৰৰ পৰা যোৱা নিশা আটক কৰে ২ টা জুৱাৰীক।
আটক কৰা জুৱাৰী দুটাৰ নাম শিৱসাগৰ নগৰৰ ধাই আলি নিবাসী চামছুদ্দিন আহমেদ ওৰফে ৰিমু (৩৮) আৰু জেঙণিকটিয়া নিবাসী জানবৱা আলি (৪৪)।
জানবৱা আলিৰ ঘৰত জুৱা খেলি থকা অৱস্থাত হাতেলোটে ধৰা পেলাই শিৱসাগৰ আৰক্ষীয়ে।
এক গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু নগৰ পৰিদৰ্শক বিশ্ব দেউৰী নেতৃত্বত এই অভিযান চলিছিল।
অভিযানৰ সময়ত জুৱাৰী কেইটাৰ পৰা নগদ ধন আৰু জুৱাৰ সা সামগ্ৰী উদ্ধাৰ কৰে।

আৰক্ষীৰ অভিযানৰ মাজতে ঘটনাস্থলীৰ পৰা আন কেইবাটাও জুৱাৰী পলায় যাবলৈ সক্ষম হয়।
দুয়োটা জুৱাৰীক ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসাযত স্বাস্থ্য পৰীক্ষা কৰি গোচৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply