অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে চলাই যোৱা অভিযানত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সোণৰ বিস্কুত | কিছুদিনৰ পূৰ্বে ৰেলৱে আৰক্ষী জড়িত থকা সোণৰ বৃহৎ পৰিমানৰ সামগ্ৰী গুৱাহাটীত উদ্ধাৰ হোৱাৰ পিছত এইবাৰ উদ্ধাৰ হল সোণৰ বিস্কুত ।
কামৰূপৰ দদৰা আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় এক কোটি টকা মূল্যৰ এই সোণখিনি। এক কোটি টকা মূল্যৰ ১৯ খন সোণৰ বিস্কুট জব্দ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে নবাব আলী আহমেদ আৰু আব্দুছ চুবুৰুদ্দিন নামৰ দুই চোৰাং সোণ সৰবৰাহকাৰীক ।
নিয়মীয়া তালাচীৰ সময়ত সহ পৰিদৰ্শক কুমুদ তালুকদাৰ আৰু কনিষ্টবল টুনাক চন্দ্ৰ দাসে জব্দ কৰিলে সোন খিনি। ঘটনাস্থলীত সৰবৰাহকাৰী কেইটাই কোটি টকা মূল্যৰ সোণ উৎকোচ দি তেওলোকক গ্ৰেপ্তাৰ নকৰিবলৈ আহ্বান জনাইছিল।
কিন্তু দুয়োজনে ততাতৈয়াকৈ দদৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাসক খবৰ দিয়াত দুই সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।