হাইলাকান্দি: মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যতে দালালৰাজ শেষ কৰিবলৈ দিয়া নিৰ্দেশ মৰ্মে আৰক্ষীয়ে যোৱা নিশা ৰাজ্যত ৪৫৩ গৰাকী মাটিৰ দালালক আটক কৰিছে । কিন্তু আটকাধীন দালালক উলিয়াই নিবলৈ উঠি পৰি লাগিছে বিৰোধী বিধায়ক । আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে আৰক্ষী থানাত সোমাই চিনেমাৰ কায়দাৰে ধৃত দুই দালালক উলিয়াই নি বিজয় উৎসৱ পালন কৰা কাৰ্যত সকলো আচৰিত । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গোটেই ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো তীব্ৰতৰ হৈছে মাটিৰ দালাল বিৰোধী অভিযান। হাইলাকান্দি আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ আলগাপুৰ, লালা, কাটলিছেড়া জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত ১২টা দালালক আটক কৰিছিল। ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল ৪টা দালালক ।
আটকাধীন দালাল সকলৰ ভিতৰত আছিল ছৰফ উদ্দিন বৰভূঞা নামৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিও । নিশা সকলোকে থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা আলগাপুৰ এলেকাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । মাটিৰ দালালৰ পৰিবৰ্তে নিৰ্দোষী ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় লোকে ঘেৰাও কৰে আলগাপুৰ আৰক্ষীচকী ।
প্ৰতিবাদীসকলক সমৰ্থন জনাই আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে থানালৈ আহি কৰ্তব্যৰত আৰক্ষীক আটকাধীন ব্যক্তিসকলক মুক্ত কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে । অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দালাল দুটাক মুকলি কৰি দিয়ে ।
ইপিনে, অভিযুক্ত দুই দালালক আৰক্ষীয়ে মুক্ত কৰি দিয়াৰ পিছতে দেখা গ’ল আন এক অদ্ভুত দৃশ্য । মুকলি হৈ অহাৰ পিছতে ডিঙিত মালা পিন্ধাই, ফটকা ফুটাই তেওঁলোকক লৈ যোৱা হ’ল বিধায়ক নিজাম উদ্দিনৰ বাসগৃহলৈ । স্বয়ং বিধায়কজনেও আদৰণী জনালে এই দুই আটক কৰি নিয়া দালালক । বিধায়কৰ হেঁচাত আৰক্ষীয়ে এনেদৰে দুই দলালক এৰি দিয়াৰ ঘটনাই হাইলাকান্দিত সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
আৰক্ষীয়ে নিৰ্দোষী লোকক দালাল সাজি আটক কৰিছিল যদি আৰক্ষীৰ ওপৰত ব্যবস্থা লোৱাৰ দাবী উঠিছে অঞ্চলটোত । যদি বিধায়কৰ হেঁচাত নতশিৰ হৈছে তেনেহলে ইয়াৰ ওপৰত ব্যবস্থা লবলৈ মুখ্যমন্ত্ৰীলৈ দাবী জনাইছে।
লগতে পঢ়কঃ মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিকাণ্ড