চৰকাৰে বলবৎ কৰা সান্ধ্য আইনৰ মাজতেই যোৱা নিশা যোৰহাটত এক জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হয় । যোৰহাট নগৰৰ পৰা প্ৰাণকেন্দ্ৰ স্বৰূপ বৰুৱা চাৰিআলিৰ পৰা মাত্ৰ কেইখোজমান আঁতৰতেই আমাৰ হাট নামৰ তৰাজানস্থিত বজাৰখনত এগৰাকী মহিলাক দুগৰাকী ৰিক্সাচালকে ধৰ্ষণ কৰে ।
আৰক্ষী সুত্ৰে জানিব পৰা মতে, নিশা মহিলা গৰাকী ৰেষ্টুৰেন্টৰ পৰা ওভতি অহা পথত দুই ৰিক্সা চালকে যৌন নিৰ্যাতন চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে।
অসহায় মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি নিশা ৰিক্সাত ঘৰলৈ আহি থকা পথত ৰিক্সাচালক জনৰ আন এগৰাকী বন্ধু ৰাষ্টাত ৰৈ আছিল। পৰৱৰ্তী সময়ত মহিলা গৰাকীক দুই ৰিক্সাচালকে জোৰকৈ টানি নি জনশূন্য বজাৰ খনত বলৎকাৰ কৰে।
পৰৱৰ্তী সময়ত অসহায় যুৱতীগৰাকীয়ে সম্পূৰ্ণ উলংগ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে।
এই জঘন্য ঘটনাৰ প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ‘ ধৰ্ষণকাৰীক ফাঁচি দিয়ক ‘ , ‘ নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰক ‘ , ‘ ফাষ্টট্ৰেক ক’ৰ্টত ধৰ্ষণ কাণ্ডৰ বিচাৰ চলাওক ‘ , ‘ নাৰীৰ সুৰক্ষাৰ স্বাৰ্থত হেল্পলাইন নম্বৰ মুকলি কৰক ‘ ইত্যাদি শ্ল’গানেৰে ছাত্ৰ সন্থাৰ অৰ্ধশতাধিকতকৈও অধিক কৰ্মীয়ে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে ।
ইয়াৰ লগে লগে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী যিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কৰ্মৰত হৈ নিশা ঘৰলৈ উভতি আহিছিল সেই প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীকো তদন্তৰ আওঁতালৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই । কিয়নো নিজা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মহিলা কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰাত স্বত্বাধিকাৰীজন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি আছুৰ জিলা সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰন সম্পাদক দীপ দত্তই ব্যক্ত কৰে। আজিৰ প্ৰতিবাদী কার্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰা , যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰা ইত্যাদি উপস্থিত থাকে ।
জিলা ছাত্ৰ সন্থাৰ এক প্ৰেছ বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয়, অসমৰ সাংস্কৃতিক ৰাজধানী , বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰ তথা শিক্ষানগৰী যোৰহাটত এইয়া অত্যন্ত অভূতপূৰ্ব ঘটনা । এচাম মানৱৰূপী নৰপিশাচে এই ঘটনাৰ দ্বাৰা যোৰহাটৰ সোণোৱালী ইতিহাস তথা গৌৰৱোজ্জ্বল অধ্যায়ত আঘাট সনাৰ অপচেষ্টা চলাইছে । দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাই ।
লগতে পঢ়ক প্ৰতিবছৰে প্ৰদান কৰা হ’ব ‘অসম ৰত্ন’ বঁটা!কেবিনেটৰ সিদ্ধান্ত