সোণাৰি- চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা অঞ্চল সমাজবিৰোধী চক্ৰৰ ঘাটিলৈ পৰিণত হৈছে। অঞ্চলটোত প্ৰতিদিনে সংঘটিত ইটোৰ পাছত সিটো অসামাজিক কাৰ্যকলাপৰ খবৰে এই কথা প্ৰতীয়মান কৰিছে। শেহতীয়াকৈ আজি নামতোলাত এটা বন্দুক বিক্ৰী কৰিবলৈ অহা দুই নগা যুৱক আটক হ’বলগীয়া ঘটনাই এই কথা পুনৰ প্ৰমাণিত কৰিলে।
উল্লেখ্য যে সোণাৰিৰ অসম-নগালেণ্ড সীমান্তত মাৰণাস্ত্ৰ সহ দুই নগা যুৱক আজি আটক কৰে আসাম ৰাইফল আৰু আৰক্ষীৰ এটা অভিযানকাৰী দলে। নিৰাপত্তাৰক্ষীৰ অভিযানত সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা আটক কৰে ৱাঙজান কন্যাক আৰু মানাই কন্যাকক। এটা নাইন এম এম পিষ্টল আৰু চাৰিজাঁই সক্ৰিয় গুলী উদ্ধাৰ হয় আটকাধীন দুই যুৱকৰ পৰা।
জানিব পৰা মতে অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আসাম ৰাইফল আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে আটক কৰে দুয়োকে। নগালেণ্ডৰ মন জিলাৰ পৰা নগা দুৰ্বত্তৰ দল এটাই এটা বন্দুক বিক্ৰী কৰিবলৈ নামতোলালৈ আহি থকাৰ সম্ভেদ পায় নিৰাপত্তাৰক্ষীৰ দলটোৱে তালাচী চলাইছিল নামতোলাত। তেনে সময়তে আবেলি এখন বাইকত নগালেণ্ডৰ পৰা দুই নগা যুৱক আহি থকা প্ৰত্যক্ষ কৰি তালাচী চলাওতেই যুৱকদ্বয়ৰপৰা এটা বন্দুক উদ্ধাৰ কৰি নামতোলা থানাত চমজাই দিয়ে। সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।