গুৱাহাটী : আলফা (স্বাধীন)ৰ হৈ কাম কাজ কৰি থকা এজন গ্ৰেপ্তাৰ। মহানগৰী গুৱাহাটীৰ সাওকুছিৰ পৰা গ্ৰেপ্তাৰ হৈছে আলফা (স্বাধীন)ৰ হৈ কাম কাজ কৰি থকা টুটু বৰা নামৰ এজন যুৱক। আলফা (স্বাধীন)ত যুৱক-যুৱতীক নিযুক্তিৰ লগত জড়িত থকাৰ সন্দেহ টুটু বৰা।
বিগত কিছুমাহ ধৰি আলফা (স্বাধীন)ত যোগদান কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক-যুৱতী ঢাপলি মেলিছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতীয়ে আলফা (স্বাধীন)ত যোগদান কৰাৰ এক বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আলফা (স্বাধীন) যুৱক-যুৱতীৰ যোগদানৰ এই ধাৰ অব্যাহত থকাৰ মাজতে অসম আৰক্ষীয়ে এক বিশেষ সাফল্য লাভ কৰিছে।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই সাওকুছিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আলফা (স্বাধীন)ৰ হৈ কাম কৰা টুটু বৰা নামৰ যুৱকজনক। সাওকুছিত ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল টুটু বৰা। অভাৰ গ্ৰাউণ্ড আলফা কেদাৰ টুটু বৰা গুৱাহাটীত ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপে থাকি আৰক্ষীৰ চকুত ধূলি দি আলফা (স্বাধীন)ৰ হৈ কাম কৰি আছিল।
টুটু বৰা নামৰ অভাৰ গ্ৰাউণ্ড আলফা কেদাৰজনে আলফা (স্বাধীন)ত যুৱক-যুৱতী সকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মাজুলীৰ গড়মূৰৰ বাসিন্দা টুটু বৰা ইয়াৰ পূৰ্বেও যোৰহাটত গ্ৰেপ্তাৰ হৈছিল।
কাৰাগাৰৰ পৰা ওলাই পুনৰ টুটু বৰা আলফা (স্বাধীন)ৰ হৈ কাম কাজ আৰম্ভ কৰে। মহানগৰীৰ দুগৰাকী যুৱতীৰ আলফা (স্বাধীন)ত যোগদান কৰাৰ লগতে টুটু বৰাৰ সম্পৰ্ক থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।