গোলাঘাট: যোৱা দুটা দিনত দুটাকৈ পিষ্টল উদ্ধাৰ হৈছে গোলাঘাট নগৰত।মংগলবাৰে এৰেঙাপাৰাত এজন যুৱকৰ হাতৰ পৰা পিষ্টল উদ্ধাৰ হোৱাৰ পাছত পুনৰ যোৱা নিশা অৰ্থাৎ বুধবাৰে নিশা কছাৰীহাটত দুই যুৱকৰ পৰা উদ্ধাৰ এটা 9mm পিষ্টল। ।
ব্ৰয়লাৰ বিক্ৰী কৰা দোকানৰ পৰা উদ্ধাৰ পিষ্টলসহ সক্ৰিয় গুলী।আৰক্ষীয়ে জব্দ কৰে এটা 9 MM পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী।

কছাৰীহাটৰ ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুই ভাতৃয়ে নিজৰ এখন ব্ৰয়লাৰৰ দোকানত লুকুৱাই ৰাখিছিল পিষ্টলটো।গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্ব গোলাঘাট আৰক্ষীৰ এটা দলে এক গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে পিষ্টলটো।

পিষ্টলটোৰ সৈতে ২ জাঁই সজীৱ 9mm গুলী আৰু ১০ জাঁই সজীৱ .22 গুলী উদ্ধাৰ কৰা হয়। সম্প্ৰতি দুই ভাতৃ ক্ৰমে ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন গোলাঘাট আৰক্ষীৰ জিম্মাত।

লগতে পঢ়ক- মৰাপাটৰ বাবে উপযুক্ত বজাৰ গঢ়ি তুলিবলৈ চৰকাৰলৈ আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply