চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ দমদম বজাৰ এলেকাত সশস্ত্ৰ সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানে অভিযান চলাই দুজন চোৰাংচিকাৰীৰ লগতে চোৰাং চিকাৰ কাৰ্য্যত ব্যবহৃত বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী সহ ৮৩ কিলোগ্ৰাম পহুৰ মাংস উদ্ধাৰ কৰে ।


আটকাধীন চোৰাং চিকাৰী দুটা বিজনী থানাৰ অন্তৰ্গত কুমাৰশালী এলেকাৰ সৌৰাং নাৰ্জাৰী (১৮) আৰু ডিমাঝোৰা গাঁৱৰ ৰংগালু বসুমতাৰী (১৮) বুলি চিনাক্ত কৰা হৈছে ।

আটকাধীন চোৰাং চিকাৰী দুটাৰ লগতে জব্দ কৰা সামগ্ৰী খিনি বন বিভাগৰ কুকলং ৰেঞ্জ অফিচত গতাই দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,482 other subscribers

Leave a comment

Leave a Reply Cancel reply