চিৰাং : হাতীৰ দাঁতসহ ভাৰত-ভূটান সীমান্তত দুজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ। চিৰাং জিলাৰ ভাৰত ভুটান সীমান্তৰ বিষ্ণুপুৰ অঞ্চলত হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ হয় চোৰাং চিকাৰী দুজন।এছ এছ বি আৰু বনবিভাগৰ অভিযানত গ্ৰেপ্তাৰ হয় চোৰাং চিকাৰী দুজন।

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাৰত-ভুটানৰ সীমান্তৰ বিষ্ণুপুৰ অঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই এছ এছ বি আৰু বনবিভাগে বৃহৎ সাফল্য লাভ কৰে। যোৱা মংগলবাৰে এছ এছ বি আৰু বনবিভাগৰ অভিযানত বিষ্ণুপুৰৰ সুকুমাৰ দাস আৰু নিৰ্মল মণ্ডল হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ হয়।

লগতে পঢ়ক :  ৰঙ তুলিকাৰ যাদু চাবলৈ নিশা উৰণীয়া সেঁতুৰ ওপৰত মুখ্যমন্ত্ৰী

অভিযানকাৰী দলটোৱে লগতে এএছ-২৬-বি-০৪৯৯ নম্বৰৰ এখন বাইকো জব্দ কৰে। ধৃত লোক দুজন হাতীৰ দাঁতসহ কুকলং ফৰেষ্ট ৰেঞ্জ কাৰ্যলয়লৈ অনা হৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply