জখলাবন্ধা : কাজিৰঙাৰত গঁড় হত্যাৰ লগত জড়িত দুই চোৰাং চিকাৰী আৰক্ষীৰ জালত। জখলাবন্ধা আৰক্ষীৰ অভিযানত জালত পৰে গঁড় হত্যাৰ লগত জড়িত দুই চোৰাং চিকাৰী। আটকাধিন চোৰাং চিকাৰী দুজনৰ ভিতৰত এজন চিকাৰী পূৰ্বেও গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।
জখলাবন্ধা আৰক্ষীয়ে চোৰাং চিকাৰী বিৰুদ্ধে অভিযান চলাই এক বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই দুজনকৈ চোৰাং চিকাৰীক জালত পেলাবলৈ সক্ষম হৈছে।
আৰু পঢ়কঃবঙাইগাঁৱত বৃহৎপৰিমাণৰ গাঞ্জা জব্দ
জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ এটা দলে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই গৰৈমাৰীৰ আব্দুল লটিফ আৰু উবাইদুল্লা খণ্ডকাৰ নামৰ দুজন চোৰাং চিকাৰীক আটক কৰিছে। চোৰাং চিকাৰী দুজন ২০১৮ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত এটা গঁড় হত্যাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।
আটকাধিন চোৰাং চিকাৰী দুজনৰ ভিতৰত আব্দুল লটিফ নামৰ চিকাৰীজন ২০১৫ চনত ৰাষ্ট্রীয় উদ্যানখনত গঁড় নিধনৰ লগত জড়িত থকাৰ অপৰাধত পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল।
আৰু পঢ়কঃড’পিঙত জড়িত ভাৰতীয় এথলীট, নিলম্বিত হ’ল কমনৱেলথ চেম্পিয়নশ্বিপৰ পৰা