বৃহস্পতিবাৰে নিশা তেজপুৰৰ ডেকাৰগাঁৱত সংঘটিত চাঞ্চল্যকৰ ডকাইতি-কাণ্ডৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দুজন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে৷
তেজপুৰ মহিন্দ ডিলাৰত সংঘটিত ডকাইতি ঘটনাৰ সন্দৰ্ভত নিলম্বিত কৰা হৈছে আৰক্ষী বিষয়া দুজনক ।
তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু বড়ো আৰু বেবেজীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত কলিতাক কৰ্তব্যত গাফিলতিৰ অভিযোগত তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে ।
উল্লেখ্য যে, উক্ত ডিলাৰটোৰ পৰা ডকাইতে লুটি নিছিল ৭খনকৈ বলেৰ বাহন। ইয়াৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।