কুইপ'ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈ : ফাইল ফটো

নিউজ ডেস্ক– প্ৰায় আঢ়ৈ মাহৰ মূৰত এটা চৰ্ত ৰাখি আলফাই মুকলি কৰি দিলে কুইপ’ৰ দুই অপহৃত বিষয়াক। আজি নিশাই বিষয়া দুগৰাকী নিজ বাসগৃহত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। কুইপ’কোম্পানীত অসমৰ ৫০০০ যুৱকৰ চাকৰিৰ নিশ্চিত কৰাৰ চৰ্তত কুইপ’ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক আলফা(স্বা) য়ে মুকলি কৰি দিয়ে।

যোৱা বছৰৰ ২১ ডিচেম্বৰত কুইপ’ৰ বিষয়া দুগৰাকীক আলফা স্বাধীন আৰু NSCN-K-এ অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰি নিছিল । আলফা স্বাধীনে দাবী কৰা চৰ্ত প্ৰথমাৱস্থাত কুইপ’ কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াত অপহৃত বিষয়া দুজনকলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ হুমকি দিছিল আলফা স্বাধীনে। তাৰ পিছত কৌশিক ফুকনে কুইপ’ আৰু আলফা(স্বাঃ)ৰ মাজৰ আলোচনাৰ মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰে ।

আলফাই এই মুক্তিপণৰ বিনিময় বিচৰাতো অপ-প্ৰচাৰ বুলি মন্তব্য কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে। বিষয়াদ্বয়ৰ মুক্তি কোনো ধৰণৰ বিনিময়ত হোৱা নাই বুলি ফুকনে সদৰি কৰে। কুইপ’কে ধৰি তৈল প্ৰতিষ্ঠানত অসমীয়া যুৱকৰ কৰ্মসংস্থাপনৰ বিষয়তহে হৈছিল আলোচনা। আজি প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হৈ আলফা -কুইপ’ৰ মধ্যস্থতাকাৰী- কৌশিক ফুকনে এই বাৰ্তা প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply