নাজিৰা : নাজিৰাৰ গঁড় দুটাক অৱশেষত ট্ৰেংকুলাইজ কৰিলে বন বিভাগে। ড্ৰোণ কেমেৰাৰে জৰিয়তে গঁড়ৰ সন্ধান লাভ কৰে বন বিভাগে। গঁড় দুটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে।

বিগত কিছুদিন ধৰি নাজিৰাত দুটা গঁড় মুক্ত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। বন বিভাগে গঁড় দুটাক খেদি পঠিয়াবলৈ চেষ্টা চলাইও ব্যৰ্থ হৈছিল। অৱশেষত বন বিভাগে গঁড় দুটাক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।

বন বিভাগে প্ৰথমে এটা গঁড়ক ট্ৰেংকুলাইজ কৰি আনটো গঁড়ৰ সন্ধান চলায়। বন বিভাগে আনটো গঁড়ৰ সন্ধান লাভ কৰে ড্ৰোণ কেমেৰাৰে জৰিয়তে। লিগিৰীপুখুৰী অঞ্চলত গঁড় দুটাক ট্ৰেংকুলাইজ কৰা হয়।

লগতে পঢ়ক : শশীকান্ত দাসক দলে প্ৰদান কৰা সন্মানৰ প্ৰত্যুত্তৰ এনেকৈ দিব ভবা নাছিলো : দেৱব্ৰত শইকীয়া

উল্লেখ্য যে গঁড় দুটা বিগত কিছুদিন ধৰি নাজিৰাৰ বিভিন্ন প্ৰান্তত মুক্ত বিচৰণ কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। গঁড় দুটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply