নিউজ ডেস্কঃ শেহতীয়াকৈ দুই কণমানি ভাতৃ-ভগ্নীৰ এখন চিঠি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
৬ বছৰীয়া ৰেইচা ৰাওজা আহমেদ আৰু ৫ বছৰীয়া আৰ্য়ান ইছলামে তেওঁলোকৰ ‘কেঁচুৱাৰ দাঁত’ সৰি পুনৰ নতুন দাঁত ওলোৱাত পলম হোৱা বাবে খাদ্য খোৱাত সমস্য়া হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি এখন চিঠি লিখিছিল।
লগতে লিখিছিল,’ মৰমৰ মোডীজী,মোৰ তিনিটা দাঁত এতিয়াও ওলোৱা নাই। অনুগ্ৰহ কৰি কিবা এটা ব্যৱস্থা কৰক।’

সেই চিঠিকেইখন শনিবাৰে মোমায়েক মুখতাৰ আহমেদে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতেই যথেষ্ট ভাইৰেল হৈ পৰে।
ইয়াৰ পাছতেই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কণমানি দুটিৰ বাবে দন্ত চিকিৎসকৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি টুইটযোগে লিখে যে ‘মই তোমালোকৰ বাবে গুৱাহাটীত এজন ভাল দন্ত চিকিৎসকৰ ব্যৱস্থা কৰিম যাতে আমি তোমালোকৰ প্ৰিয় খাদ্য একেলগে খাব পাৰো।’
এই পোষ্টটো ২৫ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়া শ্বেয়াৰ কৰা হৈছিল। শিশুসকলৰ এই পত্ৰখন সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় হৈছে । শিশু কেইটাই চিঠি কেইখনত এটি মৰম লগা চিত্ৰও অংকণ কৰিছে।
লগতে পঢ়কঃজনবসতিপূৰ্ণ এলেকাত থকা শ্ৰী মাৰুতী ইন্ডাষ্ট্ৰীক লৈ অতিষ্ঠ হোজাইৰ জনসাধাৰন